পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
বহল ব্যাকৰণ।

বিশেষ আচল শব্দত বিশেষ বিশেষ অনিয়মিত অনুৰূপ শব্দ ব্যৱহাৰ হয়। এই বিধ অনুৰূপ শব্দক যোৰ ভাঙ্গি ব্যৱহাৰ কৰিব নোৱাৰি, যি আচল শব্দৰ লগত যি অনুৰূপ শব্দ প্ৰচলিত আছে, তাকেহে ব্যৱহাৰ কৰিব পাৰি। সেই দেখি ইহঁতক যুৰীয়া অনুৰূপ শব্দও বোলে। যেনে, তেল কুৰ, ৰূপ বান, ৰাজহ ততহ, ইত্যাদি।

কৃদন্ত শব্দ।

 ৫০। ধাতুৰ পাচত কৃৎ প্ৰত্যয় যোগ হৈ যিবিলাক শব্দ হয়, সিহঁতক কৃদন্ত শব্দ বোলে। যেনে, খাৱন, নাচন, শোৱন, ভোজন, গমন, শয়ন, ইত্যাদি।

 কৃদন্ত শব্দৰ বিশেষ বিবৰণ ক্ৰিয়া প্ৰকৰণত চোৱাঁ।

উপসৰ্গ।

 ৫১। উপসৰ্গ এবিধ অব্যয় শব্দ মাথোন। এই উপসৰ্গ কুৰিটা:—প্ৰ, পৰা, অপ, সং, নি, অৱ, অনু, নিৰ, দুৰ, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ।

 ৫২। নিৰ্, দুৰ্ উপসৰ্গৰ অন্তত থকা ৰ সদায় বিসৰ্গৰ আকাৰত থাকে। যেনে, নিঃ, দুঃ।

 সংস্কৃত ব্যাকৰণত এই উপসৰ্গবিলাক শ্লোকত বান্ধি থৈছে। শিকাৰুৰ সুবিধাৰ নিমিত্তে সেই শ্লোকটো ইয়াত তুলি দিয়া হল।

প্ৰপৰাপ সমন্বব নিৰ্দুৰভিব্যধিহূদতি নিৰ্প্ৰতি পৰ্য্যপয়ঃ।
উপ আঙিতি বিংশতিৰেৰ সখে উপসৰ্গবিধিঃ কথিতঃ কবিনা॥

 এটা ধাতুৰ ভিন ভিন অৰ্থ কৰিবৰ নিমিত্তে, উপসৰ্গ, ব্যৱহাৰ কৰা