পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
বহল ব্যাকৰণ।

ব্যৱসায় বুজোৱা গুণবোধক শব্দ কিছুমান আন ভাষাৰ পৰা আহি সম্প্ৰতি অসমীয়া ভাষাত ব্যৱহাৰ হবলৈ ধৰিছে। যেনে, উকিল, ওকালতি; হাকিম, হাকিমি; কেৰাণী, কেৰাণীগিৰি। সেইদৰে মহৰীগিৰি, গোলাদাৰী, মৌজাদাৰী, ইত্যাদি।

 ৪২। গুণবোধক শব্দত বিভক্তি যোগ হয়, কিন্তু সিহঁতৰ লিঙ্গ বা বচন নাই।

অনুকাৰ শব্দ।

 ৪৩। বস্তু মাটিত পৰা শব্দ বা জন্তুৰ মাতৰ নিচিনা যিবিলাক শব্দ ব্যৱহাৰ কৰা যায়, সিহঁতক অনুকাৰ শব্দ বোলে। যেনে, কেঁচুৰ চিঁ চিঁ, কাউৰীৰ কা কা, ঘৰিৰ টং টং শব্দ, হিলৈৰ ধুমুৰ শব্দ, বস্তু মাটিত পৰা গিৰিস্ শব্দ। সেইদৰে চৌ চৌ, হুম্ হুম্, কেৰ কেৰ, মেৰ মেৰ, চেন্ চেন্‌, ইত্যাদি।

অনুৰূপ শব্দ।

 ৪৪।আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয়। এনেকুৱা শব্দবিলাকক অনুৰূপ শব্দ বোলে।

 ৪৫। অনুৰূপ শব্দ তিনি বিধ, অনুকাৰ, একশেষ আৰু অনিয়মিত। অনুকাৰ অনুৰূপ শব্দ আচল শব্দৰ নিচিনা, কেৱল তাৰ আদি বৰ্ণটো মাথোন বেলেগ হয়। যেনে, ঘৰ-চৰ, ইনাই বিনাই।