পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
বহল ব্যাকৰণ।

 চমু ব্যাখ্যা:—যাৰ সলনি তই সৰ্ব্বনাম ব্যৱহাৰ হব পাৰে, তেনে মানুহক মাতোঁতে হেৰ, যাৰ সলনি তুমি সৰ্ব্বনাম ব্যৱহাৰ হব পাৰে, তেনে মানুহক মাতোঁতে হেৰা, আৰু যাৰ সলনি আপুনি ব্যৱহাৰ হয়, তেনে মানুহক মাতোঁতে হেৰি অব্যয় ব্যৱহাৰ হয়।

 ৩০। সাধাৰণতঃ অব্যয় শব্দৰ লিঙ্গ নাথাকিলেও হেৰ অব্যয়ৰ লিঙ্গ আছে। ই স্ত্ৰীলিঙ্গত হঁয়ে, হঁয় বা হঁয়েৰা হয়। যেনে, হঁয়ে বা হঁয় আহিনি।

 ৩১। হঁয়েৰা অব্যয় নিন্দাসূচক, তাত নিন্দাৰ ভাব থাকে। যেনে, হঁয়েৰা ৰচকি, হঁয়েৰা নিলাজি।

(৭) প্ৰশ্নাৰ্থক অব্যয়।

 ৩২। যিবিলাক অব্যয় শব্দে প্ৰশ্ন কৰা বুজায়, সিহঁতক প্ৰশ্নাৰ্থক অব্যয় বোলে। প্ৰশ্নাৰ্থক অব্যয়:– নে, নো, জানো।

 ৩৩।নে প্ৰশ্নাৰ্থক অব্যয় প্ৰায় ক্ৰিয়াৰ শেষত বহে। যেনে, সি যাব নে? সি পঢ়িব জানে নে? তই গৈছিলি নে?

 ৩৪। নো প্ৰশ্নাৰ্থক অব্যয় প্ৰায় কৰ্ত্তাৰ পাচতে বহে। যেনে, সি নো কি কয়? সি নো কত থাকে।

 ৩৫। কেতিয়াবা একেটা বাক্যতে নে আৰু নো দুয়ো ব্যৱহাৰ হয়। তেতিয়া কথাটোত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নথকা বুজায়। যেনে, সিনো যাব নে? ইয়াত সি যে যাব এই কথাত প্ৰশ্নকৰ্ত্তাৰ বিশ্বাস নোহোৱা বুজাইছে অৰ্থাৎ প্ৰশ্নকৰ্ত্তাই সি নাযাব বলিহে বিশ্বাস কৰে।