পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
বহল ব্যাকৰণ।

নিমিত্তে যোজক অব্যয়। কিন্তু তোৰ নিমিত্তে, ৰামৰ কাৰণে। ইয়াত কাৰণে আৰু নিমিত্তে আনুষঙ্গিক অব্যয়।

 ১৯। তো আৰু হে অব্যয় সংজ্ঞা শব্দ, ব্যক্তিবোধক সৰ্ব্বনাম শব্দ, আৰু ক্ৰিয়াৰ লগত ব্যৱহাৰ হয়; আৰু সিহঁত শব্দৰ পাচত তাৰ অংশ হৈ বহে। যেনে, ৰামহে গৈছিল, সিহে যাব, সিতো যাবই, সি গৈছিল তো, ইত্যাদি।

 ২০। এটা ক্ৰিয়া দুবাৰ উক্ত কৰি আগৰটোত হে যোগ দিলে, সেই ক্ৰিয়া অনেকবাৰ হোৱা বুজায়। যেনে, সি পঢ়িলেহে পঢ়িলে, তেওঁ পৰীক্ষাত উঠিব নোৱাৰিলে।

 ২১। বিশেষৰূপে দেখুৱাবলৈ কেতিয়াবা সংজ্ঞা শব্দ, কেতিয়াবা ব্যক্তিবোধক সৰ্বনাম শব্দ, আৰু কেতিয়াবা ক্ৰিয়াৰ পাচত এ আৰু এই ব্যৱহাৰ হয়। তেতিয়া বিভক্তি যোগৰ নিয়ম অনুসাৰে কেতিয়াবা শব্দৰ ৰূপ লৰচৰ হয়, আৰু এ, এই অব্যয়ৰে৷ ৰূপ লৰি য়ে আৰু য়েই হয়। যেনে, ময়েই গৈছিলোঁ, সিয়েই পঢ়িছিল, গোপালে বা গোপালেই দিছিল, সি শুলেই, সি শুয়ে আছে, ইত্যাদি।

 ২২। হি অব্যয় আহি ক্ৰিয়াৰ অংশ মাথোন। সি কেৱল ক্ৰিয়াৰ লগত হে অব্যয় স্বৰূপে ব্যৱহাৰ হয়। যেনে, পঢ়হি, শোহি, অৰ্থাৎ পঢ় আহি, শো আহি।

 ২৩। ক্ৰিয়াৰ লগত হি ব্যৱহাৰ কৰিলে সেই বাক্যত আৰু আহি ক্ৰিয়া ব্যৱহাৰ নহয়। যেনে, তই আহি শোহি, এনে বাক্য হব নোৱাৰে।