পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
বহুল ব্যাকৰণ।

ফুল, হাঁয়! মাউৰা ছোৱালীকণক এতিয়া কোনে তুলিব। আও! কি ধঞ্জয় সাপ। ইয়াত আঃ শব্দে সুখৰ, হাঁয় শব্দে দুখৰ, আৰু আও শব্দে আশ্চৰ্য্যৰ ভাব প্ৰকাশ কৰিছে। এতেকে সিহঁত ভাববোধক অব্যয়।

 ১৫। কেতিয়াবা সংজ্ঞা শব্দও ভাববোধক অব্যয় স্বৰূপে ব্যৱহাৰ হয়। যেনে, হৰি হৰি! ভেলৰ কি বিলাই, শ্ৰীবিষ্ণু! এনে কথা শুনিব নাপায়।

 ১৬। কেতিয়াৱা এফাঁকি কথাও ভাববোধক অব্যয় স্বৰূপে ব্যবহাৰ হয়। যেনে, আই ঔ দেহি! লৰাটি পৰিল, দেহি ঐ! তই কলৈ গলি!

(৫) আনুষঙ্গিক অব্যয়।

 ১৭। যিবিলাক অব্যয় শব্দে সংজ্ঞা বা সৰ্বনাম শব্দৰ পাচত থাকি সিহঁতৰ অৰ্থ ভিন কৰে, সিহঁতক আনুষঙ্গিক অব্যয় বোলে। আনুষঙ্গিক অব্যয় :—সৈতে, হতুৱাই, বাজে, বাহিৰে, বাবে, দৰে, কাৰণ, কাৰণে, নিমিত্তে, নিচিনা, আদি, অৰ্থে, প্ৰতি, বিনা, বিনে, হৈ, হি, তো, এ, এই, মতে, যেনে, হেতু, অনুসাৰে, অনুসৰি, দেই।

 ১৮। কাৰণ, কাৰণে, নিমিত্তে, দৰে, বাবে, হেতু ইত্যাদি অব্যয় শব্দ এই বা সেই বিশেষণ-সৰ্ব্বনামৰ পাচত থাকিলে যোজক অব্যয় হয়, আৰু সংজ্ঞা শব্দ বা ব্যক্তিবোধক সৰ্ব্বনাম শব্দৰ পাচত থাকিলে আনুষঙ্গিক অব্যয় হয়। যেনে, এই কাৰণে, সেই, নিমিত্তে। ইয়াত কাৰণে আৰু