পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
বহল ব্যাকৰণ।

বিশেষত, বিশেষতঃ। দুটা বা তিনটা লৰা আহিলেই হব। ইয়াত বা অব্যয় শব্দে দুটা লৰা আৰু তিনটা লৰা, এই দুই কথাক ভিন ভিন কৰি দেখুৱাইছে, অৰ্থাৎ হয় দুটা লৰা নহয় তিনটা লৰ৷ আহিলেই হব। এই দৰে দুটা কি তিনটা লৰা আহিব, ম‍ই ইমানকৈ মাতিছিলো তেও তুমি নাহিলা। এই দুই বাক্যৰ কি আৰু তেও পৃথক্‌বোধক অব্যয়।

(৩) সন্দেহবোধক অব্যয়।

 ১৩। যিবিলাক অব্যয় শব্দে কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে। সন্দেহবোধক অব্যয় :—যদি, যদ্যপি, যদিস্যাৎ, কিজানি, জানোচা, ইত্যাদি। যদি মই যাওঁ তেন্তে তোমাকো লগত নিম। ইয়াত যদি অব্যয় শব্দে মই যোৱা কথাৰ অনিশ্চয়তা দেখুৱাইছে, অৰ্থাৎ মই যাওঁ নে নাযাওঁ ঠিকনা নাই। এতেকে যদি সন্দেহবোধক অব্যয়। সেই দৰে, কিজানি সি আহে, বা জানোচা সি আহে। এই দুই বাক্যত সি অহা কথা অনিশ্চিত হৈছে।

(৪) ভাববোধক অব্যয়।

 ১৪। যিবিলাক অব্যয় শব্দে সুখ, দুখ, আশ্চৰ্য্য আদি মনৰ ভাব প্ৰকাশ কৰে, সিহঁতক ভাববোধক অব্যয় বোলে। ভাববোধক অব্যয় :— হাঁয়, হাঁয় হাঁয়, আহ্, ইঃ, ইচ্, উঃ, উস্, ঔ, আও, হাও, ছিঃ, ছিছি ইত্যাদি। আঃ! কি সুন্দৰ