পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
বহল ব্যাকৰণ।

 ৫। আষাৰ শব্দৰ আগত এক বহিলে একৰ ক আৰু আষাৰৰ আ কেতিয়াবা লোপ হয়। যেনে, এক আষাৰ কথা কৈ যাওঁ বা এ’ষাৰ কথা কৈ যাওঁ।

অব্যয় শব্দ।

 ৬। যিবিলাক শব্দৰ ৰূপ নলৰে আৰু বিভক্তি বচন বা লিঙ্গ নাই, সিহঁতক অব্যয় শব্দ বোলে। অব্যয় শব্দ আঠ বিধ:— যোজক, পৃথকবোধক, সন্দেহবোধক, ভাববোধক, আনুষঙ্গিক, সম্বোধনাৰ্থক, প্ৰশ্নাৰ্থক আৰু সমিধানবোধক।

(১) যোজক অব্যয়।

 ৭। যিবিলাক অব্যয় শব্দে এটা বা সৰহ পদ বা বাক্য যোগ লগায়, সিহঁতক যোজক অব্যয় বোলে। যোজক অব্যয় :— আৰু, এবং, ও, অথচ, যেনে, কাৰণ, কাৰণে, নিমিত্তে, হেতু, হেতুকে, এতেকে, অতএব, কিয়নো, দেখি, তেন্তে, তেনেহলে, গতিকে, ইত্যাদি।

 ৮। কাৰণে, নিমিত্তে, হেতু, হেতুকে আৰু দেখি অব্যয় শব্দৰ আগত সদায় এই, সেই, কি, যি বিশেষণ-সৰ্ব্বনাম ব্যৱহাৰ হয়। যেনে, এই কাৰণে মই নগলোঁ, সেই নিমিত্তে সি নাহিল, কি হেতু নাহিল কব নোৱাৰোঁ, সেই দেখি সি নগল, ইত্যাদি।

 আৰু, এবং, ও অব্যয় শব্দৰ অৰ্থ একে হলেও সিহঁতৰ ব্যৱহাৰৰ নিয়ম বেলেগ। ও ওপৰঞ্চি ভাবত ব্যৱহাৰ হয়। আৰু, বা এবং, তেনে