পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম অধ্যায়।
⸺:∗:⸺
সংখ্যাবোধক শব্দ।

 ১। যিবিলাক শব্দে বস্তুৰ লেখ বুজাই সিহঁতক সংখ্যাবোধক শব্দ বোলে। যেনে, এক, দুই, তিনি, চাৰি, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, ইত্যাদি। সংখ্যাবোধক শব্দৰ লিঙ্গ ভেদ কৰা নহয় আৰু সিহঁতত বিভক্তি যোগ নহয়।

 ২। আদিত ব্যঞ্জনবৰ্ণ থকা শব্দৰ আগত বহিলে এক, দুই আৰু ছয় সংখ্যাবোধক শব্দৰ শেষৰ আখৰ প্ৰায়েই লোপ হয়। যেনে, এটকা, দুটকা, ছটকা। সেই আদিত থকা ব্যঞ্জনবৰ্ণত ও-কাৰ যোগ থাকিলে দুৰ উ-কাৰ ও-কাৰ হয়; যেনে, দোতোলা, দোমোনা, দোদোন, দোমোন, দোপোণ।

 ৩। আদিত স্বৰবৰ্ণ থকা শব্দৰ আগত বহিলে এক শব্দৰ ক লোপ নহয়; যেনে, এক অনা, এক উপায়। কিন্তু দু-অনা, ছ-অনা, ছ-অঁৰা।

 ৪। ট, ড, ত আৰু দ আদিত থকা শব্দৰ আগত বহিলে তিনি সংখ্যাবোধক শব্দৰ শেষৰ ই-কাৰ লোপ হয়; যেনে, তিনটা, তিন টকা, তিন ডাল, তিন ডলা, তিন তলা, তিন দিন।