পৃষ্ঠা:বলাই-বিহুলী.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী

তাৰ ঠেৰু বুজি  বিহুলী গাভৰু
 ঠাইতে লগালে মাত,
অতি চেনেহৰ  বিহুটি আহিছে
 নে নাচি নোৱাৰোঁ তাত।

বিহু নাচনীৰ  নাচনী উঠিম
 পাৰো মানে নাম গাম,
এই বাৰ পৰা  এই জীৱনত
 আগলৈ নো কত পাম?

বিহু গলে হলে  এই বাৰ আৰু
 এৰিম ঘৰৰ ভাৰ,
এই সংসাৰত  প্ৰাণ থাকে মানে
 তোমাকে কৰিম সাৰ।

অলপ পাচতে  দুয়োটি আতৰি
 এন্ধাৰত মিল হ’ল,
কোৱা কথাবোৰ  মনে মনে ভাবি
 ঘৰলৈ উলটি গ’ল।