পৃষ্ঠা:বলাই-বিহুলী.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী

ইফালে সিফালে  ঘূৰি ঘূৰি চাই
  নেদেখি, নুশুনি মাত,
মিচিকি হাঁহিৰে  বিহুলী গাভৰু
 তামোললৈ মেলিলে হাত।

বলাই ডেকায়ো  তামোল লোৱা চলে
  সাৱতি ধৰিলে গাত,
দুয়োটিৰ দেহা  একেটি কৰিলে
 গাভৰুৰ হৰিল মাত।

কত যে দিনৰ  সাচতীয়া কথা
 ইটিয়ে সিটিক কলে,
চকুৰ পানীৰে  প্ৰেম পূজা কৰি
 মিলনৰ স্মৃতি থলে।

কথাৰে লাচতে  বলায়ে শুধিলে
 নেৰনে বাপেৰৰ ঘৰ,
সৰুটিৰে পৰা  ভাল পাই আহি
 কিয়নো ভাবিলি পৰ?