পৃষ্ঠা:বলাই-বিহুলী.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী


বলাই বিহুলী  চাৰিটি চকুৰ
 ততালিকে মিল হ’ল
অফুত স্বৰেৰে   বেদনা জনাই
 বলাই আঁতৰি গল।

লগৰ লগৰী  সকলো চাপিল
 কলহ ভৰাই লই,
শাৰী পাতি পাতি  ঘৰলৈ আহিল
 বিহুৰে কথাকে কই।

এইবাৰ আকৌ  বিহুলী গাভৰু
 তামোল এখন লই,
পানী অনা চলে  ঘাটলৈ আহিল
 অকল শৰীয়া হই।

বলায়েও আহি  ম’হ বান্ধি থই
 ঘাটলৈ ওলাই গল
নিজন ঘাটৰ  নামনি গৰাত
 দুয়ো দেখাদেখি হ’ল।