পৃষ্ঠা:বলাই-বিহুলী.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
বলাই বিহুলী


কি যে হব মোৰ  কব নোৱাৰিছোঁ
 বাওঁ চকুটো লৰে।

এই বুলি কই  অলপ বহিল
 মূৰত হাতটো তুলি
ৰিহাৰ আচলে  লগৰীয়াই বিছে
 অলপ কমক বুলি।

“কম পালোঁ মই  যাওঁ আৰু” বুলি
 শেষত লগালে মাত,
মনতে বলাইক  ভাবি ভাবি লই
 ঘৰলৈ ধৰিলে বাট।

বিহুলীক দেখি   বলাই ডেকাও
 জোপাৰ ওলাল বাজ,
ঈশ্বৰক স্মৰি ধন্য মানিলে
 পুৰিল মনৰ কায।

মুকলিমূৰীয়া   বলাই বিহুলী
 আনন্দৰ সীমা নাই
ডেকা গাভৰুৰ   মধুৰ মিলন
 আজি হে কোনেনো চাই