পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বলাই বিহুলী

চাওঁতে চাওঁতে   সুৰুয দেৱতা
 পশ্চিমত ললে ঠাই,
ডেকা গাভৰুৰ  ইফালে প্ৰাণত
 মিলনৰ টৌ খেলাই

গাৰ আঁৰে আঁৰে  আলেঙে আলেঙে
 বলাই হলহি থিত,
নাচি থাকোতেই  বিহুলী গাভৰু
 হ‘ল অতি চঞ্চলিত।

ঠাইতে দেখা দি  বলাই আঁতৰি
 আঁৰত ললেহি ঠাই
জোপাৰ মাজত  সোমাই থাকিল
 বিহুলীলৈ বাট চাই

বিহুলী গাভৰু  নাচিবলৈ এৰি
 গালত তুলিলে হাত
কিবা হোৱা চলে  চকু পানী টুকি
 লগৰীক লগালে মাত।

বাই ভনীহঁত  যাওঁ আৰু মই
 গা যে অসুখ কৰে,