পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
বলাই বিহুলী


পাল পাতি পাতি  পিলিঙা ডেকাই
 ঢোলত মাৰিলে চেও,
বিহুলীৰ নাচোনো  চৰিহে আহিল
 নোৱাৰে হৰাব কেওঁ।

সকলো ডেকাৰ  বিহুৰ ৰোলত
 প্ৰাণ নাচি নাচি যাই,
গাভৰুক কবলৈ  মনৰ আলচ
 তাৰোহে সুযোগ চাই।

কেনে যে বিহুৰ  উঠিছে ঝঙ্কাৰ
 কেনে যে লাগিছে প্ৰাণ,
নিজৰ চকুৰে  দেখোতা নহলে
 শতকাই বুজা টান।

মনে হয় যেন  স্বয়ং ভগবান
 হইছে ইয়াতে থিত,
ডেকা গাভৰুক  মতলীয়া কৰি
 শুনিছে বিহুৰ গীত।