পৃষ্ঠা:বলাই-বিহুলী.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
বলাই বিহুলী


কত যে ডেকাৰ  সাঁচতীয়া কথা
 মৰম-গাভৰু কয়,
সেই চেগতেই  দুইটি আঁতৰে
 কোনেনো খবৰ লয়।

মাক বাপেকৰ  পাছেহে খবৰ
 জীয়াৰী পলাই গল,
গাভৰু ছোৱালী  উলিয়াই নিদিয়া
 এতিয়াহে ফল হ’ল।

ইফালে দুটিৰো  মন উত্ৰাৱল
 বিভু আশীষ দানে,
অফট তালৰ  গুপুত বাসনা
 কোনে কেনেকই জানে?

(৫)

এক দুই কৰি  সাতদিন হ’ল
 বিহুৰো আহিল শেষ,
ডেকা গাভৰুৰ  জেউতি চৰিছে
 সবাৰো আনন্দ ৰেশ।