পৃষ্ঠা:বলাই-বিহুলী.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বলাই বিহুলি


মনৰ উচাত  দমাব নোৱাৰি
 বিহুৰ গাভৰু বাই
দল পাতি পাতি  পথাৰ ওলাই
 ডেকাৰে কথাকে কই।

হাতত টকালৈ  কিৰিলি মাৰিলে
 মুখেৰে লগালে গীত্‌
তক্‌ তক্ কৰি  শবদ উঠিল
 গাভৰু চঞ্চল চিত।

“কেতিয়া আহিব  মৰমৰে ডেকা
 হুচৰি পৰিব ওৰ,
আকুলে হিয়াত  প্ৰেম বিলাবহি
 ভাৱনা কৰিব দূৰ।”

সৰু সৰু লৰা  সকলোটি যায়
 নাচোন চাওঁগৈ বুলি,
সিহঁতকে দেখি  নাচনী উঠেহি
 গীতৰ ৰাগিণী তুলি।