পৃষ্ঠা:বলাই-বিহুলী.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
বলাই বিহুলী

স্বৰগত কৈয়ো  মৰতেই ভাল
 এনেকৈ বিহুটি পালে,
সদায় ৰঙ্গালী  চ’তৰে বিহুটি
 ভালকৈ ভাবি নে চালে।

বিহুৰে দিনতে পুৱাতে জগাবি
  সাৰ যদি নাপাওঁ মই,
মই নানাচিলে  নাচোতাও নাই
 মনত ৰাখিবি তই।

ডেকা গাভৰুৰ  আনন্দৰ দিন
 কেনেনো প্ৰভুৰ দয়া।
দুখীয়া সুখীয়া  সকলো হৰিষ
 কোনেনো বুজিব মায়া।”

⸺:(*):⸺

(৩)

আলি পদূলিয়ে  (আজি)  মানুহৰ জাক
 আহিছে বিহুটি যাচি,
ডেকা গাভৰুও  সকলো ওলাই
  নতুন কাচোনে কাচি।