পৃষ্ঠা:বলাই-বিহুলী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বলাই বিহুলী


লং, দালচেনি  হাচতি, কটাৰি
 আৰ্‌চি ফণিকে লই,
গোলাপী ৰঙৰ  “জাকেট” এটাকো
 কিনিব লাগিব মই।

এইবোৰ লই  বোপাইৰ হাততে
 সকলো খৰচা দিবি,
ধনে নাতে যদি  ককাইটিৰ পৰা
 ধাৰেই দুটকা নিবি।

উৰুকাৰ আগতে  কাপোৰ ধুই লৈ
 সকলো ঠিককৈ লম,
গাওঁ সমনীয়া  সকলোৱে কয়
 ময়হে নাচনী হ’ম।

নেনাচিলে আৰু  নেৰিবও বোলে
 শুনিছ নে বাৰু আই,
এইবাৰ আৰু  বিহু নাচনীৰ
 মোকেহে পাতিব ঘাই।