পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
বব্ৰুবাহ পৰ্ব্ব

এবে যেবে তাক মাৰো অধম পামৰ।
এহি বুলি পাণ্ডৱী সেনাক দিলা ধাৰ॥
ৰথী ৰথ সাৰথি নৃপতি অদভূত।
আন বীৰগণ তথা মাৰিলা বহুত॥১৪৪
হস্তী বীৰ হয় ৰথ মাৰিলা প্ৰৱন্ধে।
ঢাকিলেক ৰণস্থলী অনেক কৱন্ধে॥
হাত ভৰি কৰ্ণ ভেদি আছে থাৱে থাৱে।
কেৱলে যে মাথা নাহি উচিত স্বভাৱে॥১৪৫
হেনয় কৱন্ধে ঢাকিলেক ৰণস্থলী।
চান্দে বান্ধে মাৰে সবে হাসে খল খালি॥
কৌতূহলে দুয়ো দলে কৰিলা সমৰ।
শৰৰ পীড়াক নগণয় একো নৰ॥১৪৬
ৰতিসঙ্গকালে যে তৰুণী নখঘাৱে।
নকৰে বেদনা যেন অধিকে সুহাৱে॥
বহুবিধ বীৰ মৰি আছে পৃথিবীত।
মৰিলেয়ো খড়্গ চৰ্ম্ম নেৰয় হাতত॥১৪৭
কেহো পৰি আছে ধনু ধৰিয়া হাতত।
মৰন্তেয়ো পৰি আছে বীৰ সেহিমত॥
হস্তীয়ো মাহুত সমে মৰিয়া আছয়।
ঘোৰায়ে ৰাহুতে মৰিলেক এক ঠাই॥১৪
পাণ্ডৱী সেনাত বৰ মিলিল প্ৰমাদ।
ৰণ জিনি বব্ৰুবাহে কৰে শঙ্খনাদ॥