এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বব্ৰুবাহ পৰ্ব্ব
কন্যাগণ যাউক সুমঙ্গল গাউক
পিতৃক প্ৰশংসা কৰি॥
শকটে শকটে সুৱৰ্ণ লয়োক
ৰত্ন লৈয়া ভাৰে ভাৰে।
হীৰা মণি মুক্তা মাণিক পোৱাল
সিয়ো যাউক ভাৰে ভাৰে॥৫৪
আনো ধন ধান্য সাঙ্গি সাঙ্গি যাউক
বস্ত্ৰ যাউক জাপে জাপে।
মোৰ ধনচয় আজিসে সাম্ফল
যজ্ঞত বিলাৱে বাপে॥
ঢাক ঢোল ভেৰী টুপেছি খুমুছি
ডগৰো মাৰোক আনি।
নানা বাদ্য ভণ্ডে সুমঙ্গল গাউক
টোকাৰি মাৰোক টানি॥৫৫
বীণ কৰতাল ঝাজৰ ডম্বৰু
আনো বাদ্য ভণ্ড যত।
পিতৃ আগে যাইবো জন্ম সাফলিবো
সবেয়ো যাউক লগত॥
সুবুদ্ধি প্ৰমুখ্যে যত পাত্ৰ মিত্ৰ
গজ বাজী চলি যায়।
বস্ত্ৰ অলঙ্কাৰে সাজি জাতিস্কাৰে
উৎসৱৰ ঠাই নাই॥৫৬