পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বব্ৰুবাহ পৰ্ব্ব


হংস পাৰ কাক বক আৰো ফেঁচা পক্ষী।
কৈৰা মৈৰা কুকুৰা বটকে আছে লেখি॥৩০
সাঙ্গ কুপেতা ভেৰী কুৰুৱা দেৱম’ৰা।
পানীকাক ৰঘুগুৰা মাছৰোকা কনোৱা॥
ভদ্ৰকালী কোৱাকোণ্ডা ডাউক তিতিৰী।
গুপেছী শালিকী টুনি কনোৱামুছৰী॥৩১
দেৱ চৰাই ধৰা চৰাই শগুণ টোকোৰা।
বজ্ৰদণ্ড পুণ্ডৰিকা গোবৰ খোছৰা॥
গঙ্গাচিলা ফাকুচিলা ভাৰেই কপিলা।
কোৰোঞ্চ কুৰুৱা পেঞ্চা ফেঁহোলোকা চিলা॥ ৩২
ইসবক আদি কৰি লেখি আছে তয়।
আউৰ নকহিলো পদ বাহুল্যক ভয়॥
হেনয় বিচিত্ৰ থানে আছয় নৃপতি।
ঘোৰা লৈয়া কটোৱালে মিলিলা তহিতি॥৩৩
প্ৰণামিয়া বোলে প্ৰভু দিয়োক নিৰ্ভয়।
তোমাৰ আদেশে আমি আনি আছো হয়॥
ৰাজা বোলে মোহোৰ আগক লাগি আন।
কপালৰ নমায়ো সুৱৰ্ণ পত্ৰখান॥৩৪

ঘোৰাৰ কপালৰ পত্ৰ পঢ়ি বব্ৰুবাহনৰ দুখ প্ৰকাশ

পত্ৰখান দিলা নিয়া পণ্ডিতৰ হাতে।
চাহিয়া কহিয়ো মোত যিবা আছে তাতে॥