পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীকৃষ্ণায় নমঃ

বব্ৰুবাহ পৰ্ব্ব

অশ্বমেধ যজ্ঞৰ ঘোৰা মণিপুৰ প্ৰবেশ

পদ

জয় জয় কৃষ্ণ প্ৰভু দৈৱকীনন্দন।
ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ।
জয়তি পাণ্ডৱগণ হৰিৰ সেৱক।
অশ্বমেধ যজ্ঞ কৰি তুষিলা দেৱক॥১
গোত্ৰহত্যা পাতকত ভাৰণ কাৰণ।
অশ্বমেধ যজ্ঞ আৰম্ভিলা পাণ্ডুগণ॥
অনন্তৰে কুন্তীসুত বীৰ ধনঞ্জয়।
ঘোৰাৰ লগত সাজি সসৈন্যে চলয়॥২
মণিপুৰ নগৰত প্ৰবেশিলা পাচে।
তাত অধিপতি অৰ্জ্জুনৰ পুত্ৰ আছে॥
শুনিয়োক মণিপুৰ নগৰৰ জয়।
সঁচা ব্যতিৰেকে প্ৰজা মিছা নোবোলয় ॥৩
স্বামীসেৱা বিনে নাৰী নিচিন্তয় আন।।
ব্ৰাহ্মণৰ আন নাহি পঢ়ন পৌঢ়ান॥