পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৩
বব্ৰুবাহ পৰ্ব্ব

আৰো জানো মন কষ্ট নকৰিবা নাথ।
তুমি অবিহনে যত কুটুম্ব অনাথ॥
চিত্ৰাঙ্গদা উলুপীয়ে মাতিলা সাদৰে।
লজ্জা এৰি তযু পুত্ৰ মাতিয়ো সাদৰে॥৫৭১
অনন্তে কৃষ্ণক চাই মাতিলা দুনাই।
পাণ্ডৱক প্ৰবোধিবে তোমাৰ যুৱাই॥
ভীমসেনে মাতিলেক মাধৱক চাই।
লাজে নমাতিয়া আছে বাপ-পো দুই॥৫৭২
বিশেষত বব্ৰুবাহে পিতৃবধ কৰি।
লাজে মাথা নোতোলয় অধোমুখ কৰি॥
পিতৃবধ পাতকক মনে বৰ দেখি।
প্ৰাণত্যাগ কৰিবাৰ অভিপ্ৰায় দেখি॥৫৭৩

পিতৃবধ হেতু কষ্টব্ৰত ধৰি প্ৰাণত্যাগ কৰিবলৈ বব্ৰুবাহনৰ
ইচ্ছা প্ৰকাশ

এতেকতে আগবাঢ়ি মণিপুৰনাথে।
কৃষ্ণ অৰ্জ্জুনৰ পাৱে নমিলন্ত মাথে॥
কৃতাঞ্জলি কৰি পাচে বুলিলা বচন।
হেমবন্ত পৰ্ব্বত যাইবাৰ কৰো মন॥৫৭৪
হেমৱন্ত পৰ্ব্বতত খেৰ সন্নিধানে।
কায়কষ্ট কৰি প্ৰাণ এৰো সেহিথানে॥
তেবেসে পাতক ছাৰিবেক মোৰ গাৱে।
নাহি সুখ শান্তি মোৰ প্ৰাণ থাকে যাৱে॥৫৭৫