পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
বব্ৰুবাহ পৰ্ব্ব


অৰ্জ্জুনৰ সমৰ দেখিলো হেন থান।
স্বৰূপত জানো পুত্ৰ নিজীৱয় প্ৰাণ॥
গাৱে মুণ্ডে তৈল ঘসি ওৰ ফুল পিন্ধি।
গোবৰে লিপিত দেহা চন্দনক নিন্দি॥৫২০
মহিষ পিঠিত উঠি দক্ষিণক যায়।
অনুমানে জানো ভালে নিজীয়ে পুতাই॥
দিন হন্তে হিয়া পোৰে আৰো স্বপ্ন দেখি।
জানিবা মাধৱ নাশে তোৰ প্ৰাণসখি॥৫২১
সুভদ্ৰাৰ অলঙ্কাৰ নিজে খসি পৰে।
নিজীয়ে অৰ্জ্জুন বাপু হেন মনে ধৰে॥

শ্ৰীকৃষ্ণৰ ভীম, কুন্তী, দৈৱকী আৰু যশোদাক
লগত লৈ অৰ্জ্জুনৰ অন্বেষণ

কুন্তীৰ বচন হেন শুনি নাৰায়ণ।
গৰুড়ক তেতিক্ষণে কৰিলা স্মৰণ॥৫২২
সুমৰণে গৰুড়ৰ হৃদি কম্পি গৈলা।
কৃষ্ণৰ আগত আসি উপস্থিত ভৈলা॥
মাধৱে বোলন্ত পক্ষীৰাজ বেগৱন্ত।
মোৰ সখি ধনঞ্জয় যি ঠাইত আছন্ত॥৫২৩
তহিকে লাগিয়া ঝাণ্টে নিয়োক আমাক।
নকুল সহদেৱ দুয়ো ৰাখিয়ো ৰাজাক॥
মোৰ দুই মাৱ আৰো কুন্তী বৃকোদৰ।
সবাকো পিঠিত তুলি লৈয়োক সত্বৰ॥৫২৪