পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
বব্ৰুবাহ পৰ্ব্ব

যাহাৰ গৃহত খানিতেক থাকো আমি।
নাহিকে কল্যাণ সিটো ভৈল অধোগামী॥
হেন মই থাকন্তে কিসক অসন্তোষ।
যায়োক অনন্ত পাশে হুয়োক সন্তোষ॥৫১০
গাণ্ডি মুণ্ড পাইলেসে জীয়াইবে পাৰে মণি।
মায়া কৰি মুণ্ড চুৰ কৰিবো আপুনি॥
কেনমতে জীয়াইবে আমাৰ চায়ো ৰঙ্গ।
আজি পাণ্ডৱৰ যে আশাক কৰো ভঙ্গ॥৫১১

ধৃতৰাষ্ট্ৰ-পুত্ৰ কুবুদ্ধিৰ অৰ্জ্জুনৰ মুণ্ড অপহৰণ

তেখনে কুবুদ্ধি চলি গৈলা ভ্ৰাতৃ এৰে।
মুণ্ড পৰি আছে যি থানত অৰ্জ্জুনৰে॥
সবে চাহি থাকন্তে মুণ্ডক হৰি নিলা।
বকদণ্ড ঋষিৰ আশ্ৰমে নিয়া থৈলা॥৫১২
চিত্ৰাঙ্গদা উলুপী নেদেখি স্বামী মাথ।
হা স্বামী বুলি শোকে ঢাকুৰয় মাথ॥
কোনেনো নিলেক চন্দ্ৰ সমান বদন।
এহি বুলি দুয়ো নাৰী কৰন্ত ক্ৰন্দন॥৫১৩
খনো উঠে খনো পৰি পৃথিবীত কান্দে।
খনো অৰ্জ্জুনক যে গলত ধৰি বান্ধে॥
খনো দীৰ্ঘৰাৱ বান্ধি কান্দে দুয়ো নাৰী।
ছাৰখাৰ ভৈলন্ত মাটিত লুটি পাৰি॥৫১৪