পৃষ্ঠা:বব্ৰুবাহ পৰ্ব্ব.pdf/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শৰ হানি ফণা মণি কাটিলা বিস্তৰ।
যেন তাৰাগণ খসি পৰিল স্বৰ্গৰ॥৪৮৩
সবে সাজ হুয়া সৰ্পসেনা যুজ দিলা॥
মণিপুৰ নৃপতিৰ চৌপাশে বেঢ়িলা।
ফোকাৰন্তে বিষবহ্নি এবে সৰ্পপ্ৰজা।
বিষ লাগি প্ৰজা মৰে দেখিলন্ত ৰাজা॥৪৮৪
হেন দেখি পাচে ৰাজা নসহে পৰাণ।
তেতিক্ষণে মাৰিলন্ত ময়ূৰৰ বাণ॥
সেহি শৰে সৰ্পসেনা ধৰি ধৰি খাই।
কতোসে ধৰিতে পাৰে বিস্তৰ পলায়॥৪৮৫
ৰাজা দেখে পলাই যায় বৰ বৰ সাপ।
খেদয় ময়ূৰে তাক নপাৱয় লাগ॥
মন্ত্ৰ পঢ়ি শৰ ধৰি ধনুত যুৰিলা।
সৰ্পৰ উপৰে মধুবাণ বৰষিলা॥৪৮৬
গাৱে মধু লাগি সৰ্প যাইবাক নপাৰে।
তেবেসে ময়ূৰে তাক খোট মাৰি ধৰে॥
বহুতৰ সৰ্পসেনা ময়ূৰ তাকৰ।
তেতিক্ষণে মাৰিলেক পিম্পৰাৰ শৰ॥৪৮৭
ময়ূৰে খোটয় পিম্পৰাই লাগ পাই।
ছাল থই মাংস খায় ভিতৰে সোমাই॥
ভিতৰে ভিতৰে খুলি নেই কতো দূৰ।
সাহ কঢ়া ফাক যেন তেতেলী টেঙ্গাৰ॥৪৮৮