পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেনেকৈ নাকৰ
 পানী মোচোঁতেই
  ছিটিকি পৰিল ছাতি,
   এন্ধাৰে মুন্ধাৰে
    কেনেকৈ বিচাৰে
     নাই বিজুলী বাতি॥

তেতিয়াৰ পৰাই
 হাতীক হেনো
  নালাগে বোলে ছাতি,
   ৰ’দ বৰষুণ
    সকলো সহে
     নাখায়ো দৰব-জাতি॥

ৰাজ গাম্ভীৰ্যৰে
 খোজকাঢ়ি যায়
  গুৰু গম্ভীৰ গতি
   শোভা যাত্ৰাৰ
    আগৰ শাৰীত
     শোভে আমাৰ হাতী॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪ ॥