পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাইটিয়ে হেনো
এবাৰ হাতীক
দিছিল এটি ছাতি,
বপুৰাৰ কথমপি
মূৰটোহে সোমায়
বাকীখিনি থাকে তিতি॥

সেয়ে এবাৰ তাৰ
পানী লাগি গ'ল
বৰষুণত তিতি তিতি,
দীঘল নাকেৰে
পানী ব’ই থাকে
কাহিও থাকে ৰাতি॥

# বনৰ কৰি মনৰ খবৰ ॥ ২॥