পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাই, নাই মোৰ তাত
 তেনে বেজি নাই।
বিশ্বাস যদি কৰা নাই
 যোৱা আহি চাই॥”

“নহয় হেঁ জোনবাই
 তেনে কথা নাই
হাতী-তাতী আজি কালি
 পাবলৈকে নাই॥

স্কুটাৰ আছে, গাড়ী আছে
 উঠি ফুৰিবলৈ
ঢে'ৰ আমাৰ বেঙ্ক আছে
 টকা থ’বলৈ॥

বেজী এটি খুজিছিলো
 মন সীবলৈ,
ফাটি যোৱা মনবোৰহে
 জোৰা দিবলৈ!!

মোনা এটিও লাগিছিল
 মৰম ভৰাবলৈ
ডাঙৰৰ কাজিয়াবোৰ
 দূৰ কৰিবলৈ॥

আৰু এটা ভাবিছিলো।
 পোহৰ আনিবলৈ
অপ্ৰীতি আন্ধাৰবোৰ
 নাশ কৰিবলৈ॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪২॥