পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহে হাঁহে মন্তুৱে হাঁহে
 ‘জিমি’য়ে ভুক্‌ ভুকায়
খঙতে মই ঘৰলৈ গৈ
 কান্দিলো হুক্‌ হুকায়।

দেউতাই ক'লে, দৰ্‌কাৰ নাই।
 ‘ৰাঙলী’ক ফুৰাব নিব
গৰু গাই সদায় এইটো পৰত
 ঘৰলৈহে উলটিব॥

ধূলি উৰাই গৰু যায় বুলিয়ে
 গধূলি বুলি কয়।
‘ৰাঙলী’য়ে একো বেয়াও নাপায়
 যদি তাইক বান্ধিও থয়॥”

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৪০॥