পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেঘেও আকাশত  তবলা বজাই
 সঙ্গীতত যোগ দিয়ে,
ভেকুলীয়ে কিনো  ‘মেঘমল্লাৰ গায়
 বৰষুণো যে দিয়ে।

আইতাই কৈছিল  ভেকুলীৰ বাবেই
 ফুলবোৰ নুফুলে,
গৰুবোৰে বোলে  আগ খাই দিয়ে
 গৰখীয়া গৈ শুলে॥

গৰখীয়া হেনো  শুই থাকেগৈ
 ভাত নাপাই মানে,
ৰান্ধনীয়ে আক’  ভাত নাৰান্ধে
 শুকান খৰি নাই গুণে॥

খৰিকটীয়াক  সুধিলে হেনো
 মুখ ওন্দোলাই কয়।
বৰষুণ দিলে  শুকান খৰি বাৰু
 ক'ৰপৰা পাওঁ মই?

বৰষুণবোৰনো  কেনেকৈ আহে
 মেঘে নপঠালে,
খঙতে গ’ই চবেই বোলে
 মেঘক গৈ ধৰিলে॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ৩২॥