পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কইছে বোলে আপেলতকৈ
কোন গুণে মই কম
ঘৰতে পায় বুলিহে মোৰ
গুণৰ নাপায় গম॥
আঙুৰ আকউ সাঙোৰ খালে
মৌচম্বীহঁতৰ দলত
লেতেকু পণিয়লক গাঁৱলীয়া বুলি
সিহঁতে নলয় লগত॥
কথকী কঠালে কৈ পঠালে
সদায় সাৱধান হ’বা,
কোনোবাই মূৰত কঠাল ভাঙিলে
মজাটা ভালকৈ পাবা॥
আমহে পিচে বৰ কামৰ
দেশে বিদেশে গই
সকলোকে বোলে ফুচুলাই ফুৰিছে।
লেংৰাকো লগত ল'ই॥
জামৰ সেয়ে আমৰ লগত
বৰ এটা ভাল নাই,
নোৱাৰাতহে সহি আছে।
আলেখ লেখবোৰ চাই॥

* বনৰ বন্ধুৰ মনৰ খবৰ॥ ২॥