পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বগলীৰ যিমানে মাছৰ চখ হওক
 ‘ফিচাৰি' নিদিয়ে খুলি
হাঁহ-কুকুৰাক কেতিয়াও নকয়
 পলট্ৰীৰ গৰাকী বুলি॥

হ’ই-গুদু খেলি হুদুৱে নোৱাৰে
 স্পৰ্টছ চেম্পিয়ন হ’ব
ভাটৌক স্বমাত পাহৰিবলৈহে
 মানুহে শিক্ষা দিব॥

গছ কাটি আমাৰ জীয়াই থকাৰ
 অধিকাৰ খিনিও হৰিল,
আৰ্‌ চি চি ঘৰৰ মুধচতো আমাৰ
 বাহ সজাৰ মুদা মৰিল॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৯॥