পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহে লোকে পঢ়া শুনা কৰি
 বুদ্ধি কৰি লৈছে ভাল,
আমাৰ চৰাইবোৰৰ একোৱে নহ’ব।
 গতি সেই গছৰ ডাল॥

মানুহৰ তো পাখি নাছিল।
 খোজ কাঢ়িহে ফুৰে,
বুদ্ধিৰ বলত এতিয়া সিহঁতেও
 আমাৰ দৰেই উৰে॥

আমাক বহিষ্কাৰ কৰাৰ বাবে
 কত যে পাতিছে পাঙ,
দেখা নাই? সিহঁতে গছ-বন কাটি
 কৰিছে খাষ্টাং॥

গছবোৰ কাটিলে আমি চৰাইবোৰে
 ক’তনো সাজিম বাহ
দেখি শুনিও যদি গাত হুচ্‌ নাই
 নালাগে পঢ়িব যাহ্‌॥

মৌৰাই যিমানে দৌৰা পাৰক
 অলিম্পিকত নিদিয়ে ঠাই,
কুলিয়ে যিমানেই সুৱদি নাগাওক
 টি ভি লৈ আমন্ত্ৰণ নাই॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৮ ॥