পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনৰ বন্ধুৰ মনৰ খবৰ


বালিমাহীয়ে কাহি কাহি ক'লে
 মইও যাবহে লাগে,
বুল্‌বুলিয়ে কৈছে কুল্‌কুলি কৰিলেহে
 কাহ ভাল হ'ব চাগে॥

কপৌ তিতি বুৰি জলৌ জপৌ হৈ
 শোঁত শোঁতাবলৈ লাগিল,
কুকুৰাই একুৰা জুই জ্বলাওঁ বুলি
 বাহিৰলৈ ওলাই আহিল॥

ভাটৌৱে আকৌ টৌ এটা লৈ
 পানী ভৰাই ললে,
ঘন চিৰিকাই চকু পিৰিকাই
 টৌ জুইৰ ওপৰত থ’লে॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৫॥