পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বনৰ বন্ধুৰ মনৰ খবৰ



কাউৰীৰ মাষ্টৰী

শালিকাৰ সেই বালিকা বিদ্যালয়ত
নাম লগাবলৈ গ'ই,
হাঁহে হাঁহি হাঁহি চৰচৰনি খালে
ফলি পুথি একাষে থ’ই॥
জাউৰী জাউৰী প্ৰশ্ন সুধিছে
কাউৰীয়ে মাষ্টৰী কৰি
পাৰই পঢ়াবোৰ পাৰিছে নে নাই
চাইছে পৰীক্ষা কৰি॥

কুলিয়ে চুলিবোৰ আচুৰি আচুৰি
বেক্ ব্ৰাচ কৰি তুলি,
ক্লাচৰ পৰা ওলায়েই গ'ল
গান গাবলৈ বুলি॥

* বনৰ বন্ধুৰ মনৰ খবৰ॥ ১৪॥