পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিমিষতে দেখে চাৰিও পিনে
মহা হুলস্থূল হ’ল,
মাৰপিট গালি চিঞৰ বাখৰত
তাল্ ফাল্ লাগি গ'ল॥
চৰু তৰুবোৰ লঠিয়াই লুটিয়াই
ৰন্ধাবোৰ পেলাই দিলে,
শিয়ালে আহি সুযোগ বুজি,
তাৰে কিছুমান নিলে॥
কোনেও একোকে খাবলৈ নাপালে
সকলো ভোকতে ৰ'ল,
ইমান দিনৰ আয়োজন, আনন্দ
পলকতে শেষ হ’ল॥
মুখৰ আগৰ খোৱা বস্তু গ’লে
ভোকত কেনেকুৱা লাগে,
বাঘ-সিংহই আজিহে বুজিলে
সৱাৰে একে হয় চাগে॥
নিৰামুহীয়া জীৱবিলাকক
হাতয়োৰ কৈ ক'লে,

* বনৰ বন্ধুৰ মনৰ খবৰ॥ ১২॥