পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সভাপতি সিংহক হাতীয়ে মাতিলে
 ‘সমস্যালৈ দিয়া কাণ,
নিৰামিষ ভোজীৰ কাৰণে এয়া
 সাংঘাতিক অপমান॥

হাতীৰ কথালৈ কাণেই নকৰি
 বাঘ-সিংহই খোৱাত লাগিল,
মৰক্‌ মৰক্‌কৈ চোবাই হাড়-মূৰ
 গুড়ি কৰিয়ে থাকিল॥

হাতীয়ে খঙত একো নাই হই
 ভেলাঘৰ ভাঙি দিলে,
শূঁড়ৰ পানীয়ে মেজিৰ জুইও
 তেনেই নুমাই নিলে॥

বনৰ বন্ধুৰ মনৰ খবৰ॥ ১১॥