পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঘৰ মাঘ বিহু

মাঘ বিহু পতাৰ মনেৰে
 বিহু কমিটি কৰি
সিংহক কমিটিৰ সভাপতি পাতি
 বাঘ হ’ল চেক্ৰেটাৰী॥

হাবিৰ সকলো জন্তু মিলি
 বিহু পাতিব মাঘৰ।
বহু দিনৰ পৰাই গাত তৎ নাই
 বিহু চেক্ৰেটাৰী বাঘৰ॥

সকলো জন্তুকে সবিনয়ে ক'লে
 লাগি দিবা হাতে-পাতে
হাতীক খৰিৰ দায়িত্ব দিলো
 মেজি ডাঙৰ হয় যাতে॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৮ ॥