পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপায় নাপাই গঁড়নীয়ে গ’ই
 মাতিলে ডাক্‌তৰ্‌,
বেজী লৈ অহা ডাক্‌তৰ্‌ক দেখি
 গঁড়ে মাৰিলে লৰ॥

জ্বৰৰ গাৰেই গঁড়ে গ’ই গই
 পালেগৈ ৰংঘৰ,
ডাক্তৰৰ ভয়ত লুকাই থাকিল
 তাতেই বহুত পৰ॥

ইফালে সিফালে চাওঁতে সিপাৰে
 দেখিলে তলাতল ঘৰ,
অবাক হ’ল তলাতল ঘৰত
 দেখি ইমানবোৰ ঘৰ॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৬ ॥