পৃষ্ঠা:বনৰ বন্ধুৰ মনৰ খবৰ.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গঁড়ৰ জ্বৰ

গড়গাঁৱলৈ যাওঁতেই গঁড়ৰ
 উঠিল ভীষণ জ্বৰ,
বিছনাৰ পৰা উঠিবই নোৱাৰে
 কঁপিছে থৰ্‌ থৰ্‌॥

মাজে মাজে আক’ ভ্ৰমও বকিছে
 কৰিছে ধৰ্‌ ফৰ্‌
নাকেৰেওচোন শব্দ ওলাইছে
 ঘৰ্‌ ঘৰ্‌ ঘৰ্‌॥

গড়নীয়ে দৰৱ খুৱাব খুজিলে
 কৰি খৰ্‌ ধৰ্‌
গঁড়ে আক’উ দৰব নাখায়
 তিতা হেনো বৰ॥

বনৰ বন্ধুৰ মনৰ খবৰ ॥ ৫ ॥