পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
 


নদীৰ পাৰ

যিমানেই যাওঁ তোমাৰ বুকুদি পাৰ হৈ সিপাৰ
শতবাৰ দেখিছোঁ তথাপি হেপাহ বাৰে বাৰ।
তোমাৰ দুকাষে থিয় দি থকা দুপাৰ
মনোমোহাকৈ সজালে কোন কাৰিগাৰ?

তোমাৰ বুকুত ভালপোৱাৰ বিৰহৰে জলে
পাৰ লগত কথা হয় তলে তলে।
নুশুনিলে সেই পাৰৰ কথা
কলে যে কিমান বাৰ
অলপ অলপকৈ খুলি ললে যি আছিল তাৰ।

কান্দোতে কান্দোতে আগুৱালে অসহয় কণাবালি
অৱশেষত দেখা হলগৈ সাগৰৰ তলি।
কিমান দিনৰ কিমান পাখি বহিছিল যি ঠইত
নিষ্ঠুৰ জলৰ ঢেউত ভাঙি গল নদীৰ বুকুত।

সেই পাৰত আছিল কঁহুৱাৰ বন ঝাটি
জীৱন আছিল সিহঁতৰ সেই পাৰৰ মাটি।
পৰিষ্কাৰ আকাশত নিৰ্মূল বতাহত
উৰিছিল নানা ধৰনৰ পাখি নানা সাজত,
সেই দেখি দুখময় পাৰ হাঁহে আনন্দত।

* * * *