পৃষ্ঠা:বনেৰ মৰে চ'ৰা কবিতা.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱনৰ আচল মেল

ভাবিছোঁ আমি কৰিছোঁ আমি
জীৱনটো মোৰ সুখৰ খনি
ভবাটো মিছাঁ কৰাটো মিছা।
জীৱনটো যেন পঁখিলাৰ কণী।

কিমান গঢ়িলোঁ  কিমান সাঁচিলো
এই ধৰাৰ মাজত
খাইবই পলুৱে ঘূৰে যেনেকৈ
মৰাপাঠৰ গছত।

এৰিলোঁ ধৰা তৰিলোঁ সংসাৰ
প্ৰৱেশিলো অন্ধকাৰ ঘৰত
পলুৱে সজাই ললে বিদায়
নিজৰ নোমৰ সহায়তা

বিচাৰ শেষত পাও পূণ্যত
মিলিব নতুন জীৱন
এৰিলে পলুৱা  হ'ল পখিলা
পালে আঁচল জনম।

এই পৃথিৱী এই স্মৃতি
ধুলি বালিৰ খেল
মৰিচিকাৰ পৃথিৱী নহয় পৰ জনম হয়
জীৱনৰ আঁচল মেল।