পৃষ্ঠা:বড় গীত.pdf/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(58) পৰম মহন্ত ইটো ঈশ্বৰৰ পাৰিবাদ আকাৰ ইকাৰ কৰি ৰৈলা। শুন। আৰে কথা আৰ নাৰায়ণ দেৱ সাৰ সবাৰে কৰুণা তেন্তে ভৈলা॥ নিজ দাস কৰি লৈল। ভৃত্যৰ সঙ্গত থৈলা লোকক দয়ালু কৃপাময়। দুই মতে দুই জনে বিচাৰ কৰিয়া মনে ভাগৱত শাস্ত্ৰত আছৰ॥ এক জন কবি ধৰি অৰ্থ নপাৱয় আৰ বুঢ়া-ভাষ্য অৰ্থ আৰু কয়। কহিবে লাগিলা যবে নিশবদ ভৈলা তেবে অৰ্থ শুনি মানয় বিস্ময়। স্বৰূপ কহিলো আমি শুনিয়োক মহামানি ইসৰ কথাক আবে থওঁ। শুনিয়োক সভাসদ হুয়ো সবে নিশব্দ ভাষ্যৰ পৰম কথা কওঁ। সংসাৰ সিন্ধুক লৈয়া ঢাকক সজাইলো গৈয়া চাইলো তাক পিম্পৰাৰ চালে। মোহৰ নাৰীক লৈয়া তিনিলোক ভেদি গৈয়া জেলুকৰ হাৰে যে কোবাইলে | সসা বুলি ভক্ত কৈলে হৰি নানে সিন্ধু ভৈলে গুৰুকে বোলয় বৰ ঢাক।