পৃষ্ঠা:বড় গীত.pdf/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(12) বিৰাটৰ দুই বাহু দুই তলুৱাত। আঠখান পৰ্বতক ধৰিয়া আছন্ত॥ কান্ধে গন্ধমাদন পৰ্বত অতিশয়। পশ্চিমত মাল্যৱন্ত উকৃত জলয়। অনন্তৰ মুখত আঠ গোট গিৰি। আঠগোটা দিগছে তাহাতে আছে ধৰি ইসব কথাক আবে এহি মানে থওঁ। শুনা সভাসদ কথা আতপৰে কওঁ॥ পৰম ৰহস্থ্য ইতো কথা মাধৱৰ। আছে অৰ্থ তাত ভাগৱত পুৰাণৰ॥ যিটো পাপীসবে আৰু অৱজ্ঞা কৰয়। কৌটি কৌটি জন্ম সিটো নৰকে গচয়॥ আক এক চিত্তে যিটো শুনে শ্ৰদ্ধা কৰি। পাতেক মুকুত হয়ে আপুনি নিস্তাৰি॥ কলিত ভৰিবা যেবে ধৰা নাম ভাটি। ভাঠি মাৰি যায়ো যম লেখনক কাটি শ্ৰৱণ কীৰ্ত্তৰ ইটো প্ৰধান ভৰতি। ইহ পৰলোকে মোৰ শঙ্কৰেসে গতি। দৈৱকী নন্দন বিনে দেৱ নাই নাই। নলৈলোহো পাপী হেন ৰাম নাম পাই। কৃপাময় গুৰু আবে মোক কৰা দয়া। নাম দান কৰা আবে দূৰ হোক মায়া॥