পৃষ্ঠা:বড় গীত.pdf/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১১) বৈদ্যৱন্তি নামে যুগ আৰু যুগ নালি। ঋষি যুগ নামে আৰু ভৈলা গেৰু কালি মোৰ কথা হৈ দুই বিচাৰি চায়োক। অল্প কৰি কহো আমি তাক শুনিয়োক॥ এহি মতে সাতাইশ, যুগৰ কথা কৈলা। পুনৰপি আৰু কথা কহিবাক লৈলা॥ শুনা মহাৰাজা কথা অত অনন্তৰে। বেন মতে ৰহি আছে পৃথিবী সাগৰে। সবাৰে তলত ঈশ দ্ৰবিৰ আছয়। সসাগৰা মহীক তেহেন্তে ধৰিছয়। "পূৰ্ব্ব শক্তি নাৰায়ণে তাহাঙ্ক দিলন্ত। এতেকেসে সসাগৰা ধৰিয়া আছন্ত॥ দ্ৰবিৰে ধৰিয়া দেখা আছে বিশালক। বিশাল ঈশ্বৰে ধৰি আছে অনলক॥ অনলে ধৰিয়া আছে ভেকে। ঈশ্বৰক। ভকো ধৰি আছয় যে ঈশ্বৰ কুৰ্ম্মক॥ কুৰ্ম্মৰ পিষ্টিত বহি আছয় অনন্ত। অনন্তৰ ওপৰে বিবাট ভগৱন্ত বিৰাটৰ উৰ্দ্ধে কল্প নাদক নিশ্চয়। কল্প নাদ হন্তে যে ঈশ্বৰ মহাশয়॥ নল। হন্তে বৈতৰণী নদী বহি যাই। চৌৰাশি নবক তাতে পাপীক ভুঞ্জাই।