পৃষ্ঠা:বড় গীত.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিবেদন। অসমীয়া প্ৰাচীন কবিসকলে লিখা বহু সুন্দৰ সুন্দৰ পুথি নানা বিপ্লবত আৰু নানা চলনাত পৰি নষ্ট হোৱা কথা শিক্ষিত মাত্ৰেই ভু পায়। সেই পুথিবোৰ অস- মীয়া সাহিত্য ভড়ালত থকাহেঁতেন আসাম গৌৰব অক্ষুন্ন থাকিলহেঁতেন ই কাৰো অবিদিত নহয়। অৰ্থাভাবেই হোক বা মুদ্ৰান্ত্ৰাভাবেই হোক নাইবা বিপ্লবাদিৰ কাৰ- ণেই হোক কিছুমান সুন্দৰ সুন্দৰ পুথি নষ্ট হৈ গৈছে। অলপ অচৰপ যি বাকী আছে তাকো প্ৰকাশ কৰা নানা অসুবিধা। অসমীয়া প্ৰাচীন কবিসকলে লিখা। পুথিবোৰ যদি আজি আমাৰ সাহিত্য ভড়ালত থাকিল হেঁতেন তেনেহলে বাংলাৰ সাহিত্য ভড়ালতকৈ আসাম সাহিত্য ভড়াল কোনো গুণে হীন নহলহেঁতেন। আসাম পৰ্য্যতক, আসামৰ সকলো বিষয় ভু লওঁতা, আসাম প্ৰসঙ্গ ৰচক শ্ৰীযুত বিজয় ভূষণ ঘোষ চৌধুৰী মহাশয়ে তেখেতৰ ২য় ভাগ আসাম প্ৰসঙ্গৰ ৮০ পৃষ্ঠাত লিখিছে “আসামৰ সাহিত্য বাংলাৰ সাহিত্যতকৈ কোনো গুণে হীন নহয়”। তেখেতৰ এই গবেষণা পূৰ্ণ কথাটি আমি নথৈ শলাগিছোঁ। এই বুঢ়া-ভাই, পুথিখনি মঙ্গলদই অঞ্চলৰ শ্ৰীযুত চন্দ্ৰমল দত্ত চৌধুৰী মৌজাদাৰ মহাশয়ৰ সহায়ত সংগ্ৰহ