পৃষ্ঠা:বড় গীত.pdf/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম স্কন্ধত দশজন ঈশ্বৰ দেখিয়ো সৰ্বজন দৈৱকী পুত্ৰক দুই চক্ষু দেখি তথা। ঈশ্বৰ কৃষ্ণৰ তনু দ্বিজ তেন্তে অনাথৰ ঘৰ নিজ সাক্ষী লৈয়ো আক দশম স্কন্ধক চাই। পশু-পক্ষী কাটি পূজা কৰে নৰকত গৈয়া পাছে পৰে আৰু এক কথা কহো আমি একো কালে তাৰ গতি নাই নাই নাই। তাত তোৰা সবে নকৰিবা অসন্তোষ। কহিলোহো আমি শাস্ত্ৰ সাৰ বিচাৰি লৈয়োক তত্ত্ব আৰ চৰণত ধৰে। নধৰিবা কিছু দোষ॥ শুনিও পণ্ডিত সব তুমি পদ আতি অনন্তৰে শুনা সভাসদ চয়। আছিলেক পূৰ্বেৰ এক বাঞ্জিৰ তনয়॥ কাক বোলে বাঞ্জিৰ তনয় কোনজন। শুনিয়োক পণ্ডিত সব থিৰ কৰি মন॥ উচ্ছ হৈয়া ৰঙ্গে তাল বাছ্যক বজান্ত। পবনৰ জৰিতে তিনিও শুচিন্ত। হেনশুনি পণ্ডিতৰ মনত সংশয়। নপাইলন্ত কেহে। আৰ অৰ্থক নিশ্চয়।