পৃষ্ঠা:বড় গীত.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত উঠাহ! শয্যাৰ পবা বান্ধৱ মুৰাৰি। ধেনু লই বৃন্দাবনে যাহ বঙ্গ কৰি॥ নানামতে মাতিলন্ত লগৰীয়াগণে। তথাপিতো কৃষ্ণ শুই থাকিলা শয়নে॥ পুনৰাই যশোদাই মাতিবাক লৈলা। দেখিয়োক কতক্ষণে সূৰ্য্যোদয় ভৈলা॥ উঠা চান্দ বয়ন হবি পদ্ম নয়ন। যশোদায় ডাকিলন্ত কৰি ঘনে ঘন ভণিল শঙ্কৰে মনে কৃষ্ণক সুমৰি। সকল সমাজে বোলা জয় কৃষ্ণ হৰি॥ বাগ সেয়ে—দিহা। কতনো ডাকস মাও উঠা উঠা বুলি। নথাকে৷ তোমাৰ ঘৰে আবে যাম চলি। নখাও তোমাৰ দধি ভাত নাছাৰিবো ধেনু। বাটে বাটে বাই ফুৰিম স্থললিত বেণু॥ যমুনাক পাৰ হুইয়া মথুৰাক যাইবো। দুখুনী মাৱৰ ঘৰে ভিক্ষা মাগি খাইবো। ( 8 )