পৃষ্ঠা:বড় গীত.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহিনৰ মাহতে বাপু গৈল আগ বাঢ়ি। সাগৰত সেতু বান্ধি আনিলা উদ্ধাৰি॥ কাতিৰে মাহতে বাপু অতি দুঃখ পাই। মই অভাগিনী নাৰী নাই বাপা ভাই। আঘোণৰ মাহতে বাপু শালিৰে বতৰ। পুনৰপি ৰাম স্বামীক কৰিছো কাতৰ॥ পুহৰে মাহতে বাপু অতি বৰ শীত। মই অভাগিনী নাৰী নাই থান ঠিত॥ মাঘৰে মাহতে বাপু ধৰমৰ তিথি। বনবাস দিল৷ মোৰে গৰ্ভৰ সহিতি॥ ফাগুণৰ মাহতে বাপু ফাকুয়া খেলাই॥ মই অভাগিনী নাৰী নাই বাপা ভাই॥ চৈতৰ মাহতে বাপু চৈত্ৰালিক গাই। - : বাস দিলা মোক প্ৰাণৰ লখাই। পূৰ্বে বায় ঢাক ঢোল পশ্চিমে বাই বাঁশী। ইটো গীতৰ নাম থৈছে সীত৷ বামাসী॥ বড় গীত